৩১. যীচুৱে পানীৰ ওপৰত খোজ কঢা

৩১. যীচুৱে পানীৰ ওপৰত খোজ কঢা — ছবি 1

যীচুৱে পাঁচ হাজাৰ মানুহক খুউৱাৰ পিছত. তেওঁৰ শিষ্য সকলক নাৱত উঠিবলৈ কলে৷ তেওঁ তেওঁবিলাকক সিপাৰলৈ যাবৰ বাবে আজ্ঞা দিলে আৰু নিজে কিছু সময়ৰ বাবে তাতে তাতে থাকিল৷ তাতে শিষ্য সকল তাৰ পৰা গুচি গল আৰু লোক সমূহও তাৰ পৰা নিজ নিজ ঘৰলৈ গুচি গল৷ তাৰ পিছত যীচুৱে পৰ্ব্বতৰ ওপৰলৈ উঠিল, আৰু তাত নিশালৈকে অকলশৰে থাকি প্ৰাৰ্থনা কৰিলে ৷

৩১. যীচুৱে পানীৰ ওপৰত খোজ কঢা — ছবি 2

সেই সময়ত শিষ্য সকলে তেওঁবিলাকৰ নাৱত উঠি আগুৱাই যাবলৈ চেষ্ঠা কৰিলে, কিন্তু বিপৰীত দিশৰ পৰা অহা বৰ বতাহে তেওঁবিলাকক আগুৱাই যাবলৈ দিয়া নাছিল ৷ পাছে শেষ নিশা হলতো তেওঁবিলাকৰ নাও কেৱল মাজবাট পাবলৈহে সক্ষম হৈছিল ৷

৩১. যীচুৱে পানীৰ ওপৰত খোজ কঢা — ছবি 3

সেই সময়ত যীচুৱে প্ৰাৰ্থনা কৰি এঁটালত তেওঁৰ শিষ্য সকলক লগ ধৰিবলৈ গল ৷ তেওঁ তেওঁবিলাকক নাৱত লগ ধৰিবৰ বাবে পানীৰ ওপৰেদি খোজ কাঢি আহিল৷

৩১. যীচুৱে পানীৰ ওপৰত খোজ কঢা — ছবি 4

তাতে শিষ্য সকলে তেওঁক দেখিলে ৷ আৰু তেওঁক অতিশয় ভয় লাগিল, কিয়নো তেওঁবিলাকে তেওঁক ভূত বুলি ভাবিছিল ৷ যীচুৱে জানিছিল যে তেওঁবিলাকৰ ভয় পাইছে , সেয়ে তেওঁ তেওঁবিলাকক উদ্দেশ্যি কলে, “নিৰ্ভয় হোৱা, মইহে !”

৩১. যীচুৱে পানীৰ ওপৰত খোজ কঢা — ছবি 5

তাতে পিতৰে যীচুক উদ্দেশ্যি কলে, “হে প্ৰভু, আপুনিহে যদি, মোক আপোনাৰ ওচৰলৈ পানীৰ ওপৰেদি আহিবলৈ আজ্ঞা দিয়ক৷”যীচুৱে পিতৰক কলে, “আহা”

৩১. যীচুৱে পানীৰ ওপৰত খোজ কঢা — ছবি 6

তাতে পিতৰ নাৱৰ পৰা নামি পানীৰ ওপৰত খোজ কাঢি, যীচুৰ ওচৰলৈ গল ৷ কিন্তু অলপ দূৰ যোৱাৰ পিছত, তেওঁৰ চকু যীচুৰ পৰা আঁতৰিল আৰু বৰ বতাহ আৰু ঢৌ সমূহৰ ওপৰত পৰিল ৷

৩১. যীচুৱে পানীৰ ওপৰত খোজ কঢা — ছবি 7

তাতে পিতৰৰ ভয় লাগিল আৰু পানীত ডুবিবলৈ ধৰিলে ৷ তেওঁ প্ৰভুৰ উদ্দেশ্যে চিঞৰী কলে, “মোক বচাওঁক!” তেতিয়াই যীচুৱে হাত মেলি, তেওঁক ধৰিলে ৷ পিছত তেওঁ পিতৰক কলে, “হে অল্পবিশ্বাসী! তুমি মোত ভাৰসা নকৰি কিয় সংশয় কৰিলা ?”

৩১. যীচুৱে পানীৰ ওপৰত খোজ কঢা — ছবি 8

তাৰ পিছত পিতৰ আৰু যীচু নাৱত উঠিল, আৰু লগে লগে সেই বতাহ শান্ত হল ৷ পানীও ক্ষান্ত হল ৷ এই ঘটনা দেখি শিষ্য সকল আচৰিত হল আৰু যীচুক সেৱা কৰিলে ৷ তেওঁবিলাকে তেওঁৰ আৰাধনা কৰি কলে, “সঁচাই আপুনি ঈশ্বৰৰ পুত্ৰ ৷”

বাইবেলৰ পৰা লোৱা এটি কাহিনীঃ মথি ১৪: ২২-২৩, মাৰ্ক ৫:৪৫-৫২, যোহন ৬:১৬-২১

রিডারে পড়ুন

উন্মুক্ত লাইসেন্সের (CC BY-SA 4.0) অধীনে ব্যবহার, অভিযোজন ও ভাগ করার জন্য বিনামূল্যে।